অসম

কিৰণ চন্দ্ৰ গগৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম আন্দোলনৰ নেতা, প্ৰাক্তন বিধায়ক কিৰণ চন্দ্ৰ গগৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ। প্ৰয়াত কিৰণ চন্দ্ৰ গগৈৰ কৰ্মময় জীৱন আৰু জাতীয় জীৱনৰ প্ৰতি দায়ৱদ্ধতা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ আদৰ্শ হৈ জিলিকি ৰ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে।

কিৰণ চন্দ্ৰ গগৈৰ বিয়োগ অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।