অসম

মৃত্যুৰ পূৰ্বে দেহ দান কৰি গৈছিল পূৰবী বৰমুদৈয়ে, প্ৰখ্যাত লেখিকাগৰাকীৰ বিয়োগত অসম সাহিত্য সভা, অৰুণাচল প্ৰদেশ লিটেৰেৰী ছ’চাইটিৰ শোক প্ৰকাশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰখ্যাত লেখিকা পূৰবী বৰমুদৈ আৰু নাই।সোমবাৰে পুৱা ৬.০১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কথাশিল্পীগৰাকীয়ে। ২০০৭ত 'শান্তনুকুলনন্দন' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈয়ে ২০১১ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰবীণা শইকীয়া বঁটাকে ধৰি বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল বৰমুদৈ।

অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা প্ৰাপক প্ৰখ্যাত সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ। অসমীয়া ভাষা-সাহিত্যলৈ অসামান্য অৱদান আগবঢ়োৱা
প্ৰয়াত কথাশিল্পীগৰাকীৰ অনন্য সাহিত্যসৃষ্টি অসমীয়া সাহিত্যৰ ইতিহাসত চিৰকাল জিলিকি ৰ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে।

পূৰবী বৰমুদৈৰ বিয়োগ অসমৰ বৌদ্ধিক জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশ লিটেৰেৰী ছ'চাইটিকে ধৰি বিভিন্ন দল-সংগঠনে।