অসম

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ সমৰ্থন অসম জাতীয় পৰিষদৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অহা ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনাইছে ভাৰত বন্ধৰ। জিএছটিৰ সংশোধনৰ নামত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়ী সমাজৰ প্ৰতি নমোৱা ভাবুকি, ইন্ধনৰ মূল্যবৃদ্ধি আদিৰ প্ৰতিবাদতে ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। এই ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদে।

বুধবাৰে এক বিবৃতিত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়- 'শেহতীয়াকৈ জিএছটিৰ সংশোধনৰ নামত কেন্দ্ৰীয় চৰকাৰে দেশৰ ব্যৱসায়ীসকলৰ সন্মুখত প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে। এই সংশোধনীসমূহ যদি কাৰ্যকৰী হয়, তেন্তে সমগ্ৰ দেশৰ ব্যৱসায়ী সকলৰ জীৱনলৈ অন্ধকাৰ নামিব। এনে সময়তে সততাৰে জিএছটি আদায় দিয়া ব্যক্তিসকলে বিনা দোষত অভাৱনীয় হাৰাশাস্তি ভূগিব লাগিব।'