অসম

টাই আহোম যুৱ পৰিষদৰ উদ্যোগত লখিমপুৰত অসম দিৱস উদযাপন, অভিনেতা নিপন গোস্বামীক বৰ অসমৰ সম্বন্বয় বঁটা প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত লখিমপুৰ ত্যাগ ক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰে অসম দিৱস উদযাপন কৰা হয়৷ পুৱা সামূহিকভাৱে চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰা হয়৷ তাৰ পাছতেই টাই পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ যোগে চ্যুকাফালৈ শ্ৰদ্ধা নিবেদন কৰে।

দুপৰীয়া ১২ বজাত বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ত্যাগ ক্ষেত্ৰৰ পৰা লখিমপুৰ চহৰৰ মাজেৰে উলিওৱা হয়৷ অসম দিৱস উপলক্ষত সাহিত্য প্ৰতিযোগিতা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ লগতে এই বেলি বোলছবি অভিনেতা নিপন গোস্বামীক বৰ অসমৰ সম্বন্বয় বঁটা প্ৰদান কৰিছে টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে৷