অসম

ৰঙতিত বিহপুৰীয়া সমষ্টি ভিত্তিত অসম দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ শিমলুগুৰিঃ পূৰ্বাঞ্চল টাই সাহিত্য সভা, আহোম সভা, পয় ফুৰালুং সংঘ, টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ উদ্যোগত লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সমীপৱৰ্তী ঐতিহাসিক ৰঙতি পুখুৰী পাৰত অসম দিৱসটি বিহপুৰীযা সমষ্টি ভিত্তিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই, পুৱা ৮,৩০ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিতুল বৰুৱাই ৷ পুৱা ৯ বজাত মৈদাম তৰ্পন কৰে গংগাৰাম বৰগোহাঁয়ে ৷পুৱা ৯,৩০ বজাৰ পৰা মাংগলিক কাৰ্য ৰুপায়িত হয় ৷ দিনৰ ১২ বজাত স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ৷

ইয়াৰ পিছতেই দিনৰ ১ বজাৰ পৰা পৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপ-সভাপতি জয়চন্দ্ৰ গগৈৰ সভাপতিত্বত মুকলি সভাখনি অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ সম্পাদক মইনা চাংমায়ে আঁত ধৰা সভাখনিত মুখ্য অতিথি হিচাপে বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি ভাষণত বৰ অসম গঢ়োতা চাওলুং চ্যুকাফাৰ কৰ্মৰাজী আলোকপাত কৰে ৷ উদযাপন সমিতিৰ সভাপতি ৰাতুল বৰপাত্ৰই আদৰণি ভাষণ প্ৰদান কৰা সভাত বিশিষ্ট অতিথি হিচাপে তিনিচুকীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰত্ন গোপাল গগৈ, আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপ-সভাপতি চন্দ্ৰ বৰগোহাঁই, কাৰ্যকৰী সদস্য ঐলোক্য গগৈ,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ইন্দিৰা গগৈ ফুকন, টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৰত বুঢ়াগোহাঁই, বিজেপি যুৱ নেতা পাৰ্থপ্ৰতিম দত্ত, ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ সদস্যা দিপালী বনিয়া, বিজেপি নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি গুণাৰাম গগৈ, নগৰ মণ্ডলৰ সভাপতি বিৰাজ ভূঞা, গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনি বৰকটকী, মঞ্জু ভূঞা, আঞ্চলিক সদস্যা ৰুপালী দুৱৰা, জোনমনি ভূঞা, বিজেপি মেডিয়া কোষৰ ৰাজ্যিক সদস্য মনোজ দত্ত, সঞ্জীৱ দুৱৰাকে প্ৰমূখ্য কৰি বহু সংখ্যক লোকে ৷

এটি টাই গীতেৰে মুকলি হোৱা সভাত অঞ্চলটোৰ বহু সংখ্য ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্য আজিৰ সভাতে ৰঙতি অঞ্চলৰ বহুকেইগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷