- বজৰংগ দলৰ অসম বন্ধৰ সময়ত ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি।
- ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিগৃহ ঘেৰাও বজৰংগ দলৰ প্ৰতিবাদকাৰীৰ।
- জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা'ৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা বন্ধ সমৰ্থকৰ।
- আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক।
- উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বজৰং দলে আজি আহ্বান জনাইছিল অসম বন্ধৰ।
- ডিব্ৰুগড়ৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ প্ৰভাৱ।
- বিভিন্ন স্থানত বন্ধৰ সময়ছোৱাত যান–বাহনৰ চলাচলৰ লগতে দোকান–পোহাৰ বন্ধ হৈ পৰিছে।
- ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে বজৰংগ দলৰ সদস্যসকলে।