অসম

কোভিডৰ মাজতে সুকলমে সম্পন্ন পবিত্ৰ অশোকাষ্টমীৰ স্নান,অস্থি বিসৰ্জন…

asomiyapratidin

ডিজিটেল ডেস্ক : মঙলবাৰে পবিত্ৰ অশোকাষ্টমী উপলক্ষে মহানগৰীৰ শুক্লেশ্বৰ ঘাট, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটৰ সমীপস্থ অশ্বক্লান্তত অগনন ভক্তৰ সমাবেশ ঘটে । কোৰোনাৰ লৈ আতংক চলি থকাৰ মাজতে অগনন ভক্তই মহাবাহু ব্ৰহ্মপুত্ৰত পূণ্য স্নান কৰে ।

একেদৰে নগাওঁৰ শিলঘাটতো লুইতৰ পাৰত অশোকাষ্টমীৰ মেলা অনুষ্ঠিত নহ'লেও ১০০ খন পতাকা উত্তোলনেৰে শিলঘাটৰ এই ঐতিহ্যমণ্ডিত এই অশোকাষ্টমী মেলাৰ শতবৰ্ষৰ কাৰ্যসূচী কোৰোনাৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ।

পূৰ্বে শিলঘাটৰ এই অশোকাষ্টমী মেলাত লক্ষাধিক লোকৰ সমাবেশ ঘটাৰ উপৰি দোকান বজাৰ,যাগ-যজ্ঞদিৰে ব্ৰহ্মপুত্ৰৰ পাৰ উখল মাখল হৈ পৰিছিল । ইফালে শিলাঘাটত আৰু গুৱাহাটীৰ দুই স্থানতেই বহু লোকে প্ৰয়াত পিতৃ-মাতৃ তথা আত্মীয় আৰু উপৰিপুৰুষৰ নামত পিণ্ড দান কৰাৰ উপৰি অস্থিও বিসৰ্জন দিয়ে ।

যিসকল লোকে এলাহাবাদলৈ গৈ ত্ৰিবেনী সংগমত পিতৃ- মাতৃৰ অস্থি বিসৰ্জনৰ বাবে পৰিকল্পনা কৰিও কোভিডৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো যাব নোৱাৰিলে সেই সকলেও আজি অশ্বক্লান্ত,শুক্লেশ্বৰ ঘাট আৰু শিলঘাটতত অস্ছি বিসৰ্জনেৰে প্ৰয়াত আপোন জনৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনাই ।

লোক বিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী গংগা অথবা ত্ৰিবেনী সংগমৰ দৰেই পবিত্ৰ জলধাৰাত পৰিনত হয় আৰু সেই দিনটোত এই বিশেষ স্থান সমূহত স্নান কৰা বা অস্থি বিসৰ্জন দিয়া কাৰ্য ত্ৰিবেনী সংগমত বিসৰ্জন দিয়াৰ দৰেই সম পৰ্যায়ৰ হয় ।