অসম

বোকাজানৰ খটখটীত অৰুণাচলৰ পৰা ট্ৰাকত আনি থকা অৱস্থাত অৰুণাচলী সুৰা জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, বোকাজানঃ আন্তঃৰাজ্যিক সীমান্ত সম্প্ৰতি বন্ধ থকাৰ মাজতো বিশেষ কৌশলেৰে অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ চোৰাং বেহা৷ শনিবাৰে বোকাজানৰ খটখটী আৰক্ষীয়ে অৰুণাচলৰ পৰা অবৈধ সুৰা কঢ়িয়াই অনা তেনে এখন ট্ৰাকৰ পৰা জব্দ কৰে ২২০ কাৰ্টুন অৰুণাচলী সুৰা যাৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা৷

AS-17-B-1097 নম্বৰৰ ট্ৰাকখনত বিশিষ ভাৱে নিৰ্মিত এক চেম্বাৰত কৌশলেৰে ভৰাই আনিছিল উক্ত অবৈধ সুৰা৷ কিন্তু আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অৰুণাচলৰ পৰা অবৈধ সুৰা কঢ়িয়াই অনা ট্ৰাকখন সুৰাসহ জালত পৰে অসম নগালেণ্ড সীমান্তৰ খটখটীত৷


এই অভিযানত গাড়ীৰ চালক জন পলাই যাবলৈ সক্ষম হয় যদিও হেণ্ডিমেনজন আটক হয় আৰক্ষীৰ হাতত৷ বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।