অসম

বালিপৰাৰ ওঠৰমাইলত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ, আটক ৩

asomiyapratidin

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰৰ বালিপৰাৰ ওঠৰমাইলত চাৰিদুৱাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। চাৰিদুৱাৰ আৰক্ষীৰ এটি তহলদাৰী দলে ওঠৰ মাইলত এখন নম্বৰপ্লেট বিহীন বলেৰ' পিকআপ বাহনত তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় প্ৰায় ৮০ কাৰ্টন অৰুণাচলী সুৰা।

সুৰাখিনিৰ মূল্য প্ৰায় একলাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ কৰা অৰুণাচলী সুৰাখিনি অৰুণাচলৰ ৰাজগড়ৰ পৰা ঢেকিয়াজুলিৰ বাটাচীপুৰলৈ নি থকা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাড়ীখনৰ চালকসহ তিনিজনক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে গাড়ীখনৰ চালক গহপুৰৰ মাধৱ দাস, লক্ষীৰাম বসুমতাৰী আৰু ঢেকিয়াজুলি বাটাচীপুৰৰ গিতেন বসুমতাৰী বুলি জানিব পৰা গৈছে।