অসম

বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে অহা সুৰা।

মঙলবাৰে সন্ধিয়া কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ নেতৃত্বত বাগৰিৰ এখন ধাৱাৰ সন্মুখৰ পৰা জব্দ কৰে দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক।অৰুণাচলৰ ৰয়িঙৰ পৰা এলএল০১-এএ-৩২০৩ আৰু এনএল০৭-এ-৭৯৬১ নম্বৰৰ ট্ৰাক দুখনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অবৈধভাবে সুৰা আনি থকা অৱস্থাতে জব্দ কৰে। নথিপত্ৰ বিহীন দুয়োখন ট্ৰাকৰ চালককে আৱকাৰী বিভাগে আটক কৰিছে।