অসম

চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল…

asomiyapratidin

ডিজিটেল সংবাদ,উত্তৰ লখিমপুৰ : অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ টিচাৰী চু নদীৰ পাৰত ৰঙা চীনে স্থাপন কৰা আধুনিক গাঁৱৰ বিৰুদ্ধে বৃহস্পতিবাৰে গৰজি উঠিল সীমান্তবাসী। চীনৰ গাওঁ স্থাপনক কেন্দ্ৰ কৰি বিগত দিন কেইটাত অৰুণাচলৰ মেকমোহন লাইনৰ এইপাৰে উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈ আছিল।

এই ঘটনাত সমগ্ৰ দেশবাসী স্তম্ভিত হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ সীমান্তবাসীয়ে আজি প্ৰতিবাদ জনায়। উল্লেখ্য যে ৰঙা চীনে ভাৰতৰ ৪.৫ কিলোমিটাৰ ভূখণ্ড অতিক্ৰম কৰি ভাৰতৰ ভূমিত নিৰ্মাণ কৰিলে গাঁও।

বৃহস্পতিবাৰে আপাৰ সোৱণশিৰি জিলা সদৰ ডাপৰিজুত অল টাগিন যুৱ সংগঠন,অল গিবা চাৰ্কল ভিজিলেচন ফ'ৰম, নিউ মাৰ্কেট ৱেলফেয়াৰ এছোচিয়েচনে চীনৰ এনে অবৈধ নিৰ্মাণ আৰু আগ্ৰাসী মনোভাৱৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি দাহ কৰা ওপৰি চীনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে আৰু বেনাৰ, পোষ্টাৰ প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে। সীমান্তবাসীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰো পদক্ষেপ লবলৈ দাবী জনায়।