অসম

কাৰ্বি আংলঙত ডিলাই আৰক্ষীৰ অবৈধ মৰাণাস্ত্ৰসহ এজনক আটক

asomiyapratidin

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলঙ জিলাৰ ডিলাই আৰক্ষীয়ে কাৰ্বি আংলঙৰ চট'লেঙেৰীত থকা প্ৰৱেশ কৰ গেটৰ সমীপৰ পৰা মৰাণাস্ত্ৰসহ এজন যুৱকক আটক কৰে৷ আটকাধীন যুৱকজন খটখটী থানাৰ অন্তৰ্গত বালিজান খান বস্তিৰ মুঘাকা চুমি বুলি জানিব পৰা গৈছে৷

যুৱকজনৰ পৰা আৰক্ষীয়ে এটা .৩২ পিষ্টল, তিনি জাঁই সজীৱ গুলী আৰু এটা পুতলা পিষ্টল জব্দ কৰে৷ আৰক্ষীৰ সুত্ৰ অনুসৰি, ডিলাই আৰক্ষীয়ে উক্ত অঞ্চলত তহল দি থকাৰ সময়তেই যুৱকজনৰ ওপৰত সন্দেহ ওপজাত তালাচী চলায় আৰু উল্লেখিত মৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ৩৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সশস্ত্ৰ আইনৰ ২৫/২৮ ধাৰাৰ অধীনত যুৱকজনক ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে৷