অসম

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কামৰূপ জিলা ভিত্তিত সমাৰোহ…

asomiyapratidin

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত মঙলবাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কামৰূপ জিলা ভিত্তিত সমাৰোহ অনুষ্ঠিত হয়। বকোৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সমাৰোহত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগিতাত অনুষ্ঠিত এই সমাৰোহত জিলা সমন্বয়ক ড° ৰঞ্জিত বৈশ্য‌ই জনোৱা মতে কামৰূপ জিলাৰ ১৪ টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ভিতৰৰ ১২ টা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, গাইডশিক্ষক, অভিভাৱক আৰু কেন্দ্ৰ সমন্বয়কসহ ১২৯ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সমাৰোহত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত ম'ডেল মেকিং প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে- ৰঙিয়া কেন্দ্ৰৰ প্ৰিয়মজ্যোতি দাস আৰু ৰামপুৰ কেন্দ্ৰৰ শিবানী বৰাই।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে- ৰামপুৰ কেন্দ্ৰৰ নিহাল ডেকা আৰু ৰঙিয়া কেন্দ্ৰৰ হিয়াশ্ৰী পাঠকে। পোষ্টাৰ অঁকা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে- ৰামপুৰ কেন্দ্ৰৰ গিতাৰ্থ ৰায় আৰু চয়ানী বৰদোৱা কেন্দ্ৰৰ কৌশল্যা ৰাভাই। সমাৰোহত অতিথি হিচাপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন দত্ত, প্ৰাক্তন অধ্যক্ষ ড° নৃপেন গোস্বামী, গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° ধীৰাজ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে।

প্ৰতিযোগিতাসমূহৰ বিচাৰকৰ দায়িত্বত আছিল-ড° তপন ডেকা , ড° নুৰুদ্দিন আহমেদ মনোজ কুমাৰ দাস, ড° অপূৰ্ব কুমাৰ দাস, ড° দীপাংকৰ শৰ্মা, ড° হবিবৰ ৰহমান, মৃণাল কুমাৰ ৰাভা আৰু দেৱজিৎ বৰাই । সমাৰোহত বিজয়ী প্ৰতিযোগিক নগদধন সহ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় বিজয়ীয়ে কাইলৈৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ শিল্পগ্ৰামত হ'ব লগা আৰ্যভট্ট কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।