অসম

অৰ্জুন বঁটাৰ বাবে স্বৰ্ণ কন্যা হিমা দাসৰ নাম

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে এছিয়ান গেমছত ৩টাকৈ পদক জয়ী হিমা দাসৰ নাম। সোমবাৰে এই সন্মানীয় বঁটাৰ বাবে মনোনীত হয় অসমৰ এথলীটগৰাকী।

এই বঁটা লাভ কৰিলে অৰ্জুন বঁটা বিজয়ী অসমৰ পঞ্চমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ব হিমা। ইয়াৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই লাভ কৰিছিল এই সন্মান।