অসম

ব্ৰিটেইনৰ ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন ও আৰণ্যকৰ বিশেষ কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ ৰাজ্যিক প্ৰাণী তথা এটা খৰ্গযুক্ত ভাৰতীয় গঁড়ৰ সংৰক্ষণৰ বাবে যুৱ প্ৰজন্মৰ মনত আকৰ্ষণ আৰু আকাংক্ষা জগাই তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আয়োজিন কৰা হয় “গঁড় স্কুললৈ যায়” শীৰ্ষক কাৰ্যসূচী। ব্ৰিটেইনৰ ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ) সমৰ্থিত এই কাৰ্যসূচী হৈছে গৱেষণামুখী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ এক বিশেষ সজাগতা সৃষ্টিৰ কাৰ্যসূচী।

বৰ্তমানলৈকে অনুষ্ঠিত ইয়াৰ তিনিটা কাৰ্যসূচীত এই মাহত এতিয়ালৈকে কাজিৰঙা অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ১,৫৯০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ভৱিষ্যত প্ৰজন্মক জড়িত কৰি এটা খৰ্গযুক্ত ভাৰতীয় গঁড়ৰ দীৰ্ঘম্যাদী সংৰক্ষণক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত কাৰ্যসূচীত শিক্ষাৰ্থীৰ অভিভূত অংশগ্ৰহণে বন্যপ্ৰাণী সংৰক্ষণ বিশেষজ্ঞসকলক অধিক উৎসাহিত কৰে।

কাৰ্যসূচীত যুৱ শিক্ষাৰ্থী সকলক এটা খৰ্গযুক্ত গঁড়ৰ গৰিমাৰ বিষয়ে প্ৰবুদ্ধ কৰাত গুৰুত্ব আৰোপ কৰা হয় যাতে তেওঁলোকে ৰাজ্যক সমৃদ্ধ কৰা এই প্ৰাচীন প্ৰাণীবোৰৰ অপৰিসীম পাৰিপাৰ্শ্বিকগত মূল্য উপলব্ধি কৰিব পাৰে। পৰস্পৰ মতবিনিময় পদ্ধতিৰে সম্পন্ন কৰা কাৰ্যসূচীটোৰ জৰিয়তে বিদ্যালয়ৰ শিশুসকলক শ্ৰব্য আৰু দৃশ্য মাধ্যমেৰে পৰিৱেশ তন্ত্ৰত এটা খৰ্গযুক্ত গঁড়ৰ গুৰুত্বৰ লগতে ইয়াৰ বিভিন্ন চৰিত্ৰ, উপযুক্ত বাসস্থান আদিৰ বিষয়ে অৱগত কৰা হয়।

উল্লেখ্য, আৰণ্যকে যোৱা ৮ মে’ত চৰাইবাহী মাধ্যমিক বিদ্যালয়ত এটা “গঁড় স্কুললৈ যায়” কাৰ্যসূচীৰ আয়োজন কৰিছিল । য'ত ৫৬০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত গঁড়ৰ বিষয়ে শ্ৰব্য/দৃশ্য উপস্থাপন, স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে বক্তৃতা, মতবিনিময় আৰু মুকলি কুইজৰ আদি অনুষ্ঠিত কৰা হৈছিল ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক পাগুৰাম পেগু, প্ৰাক্তন সন্মানীয় বন্যপ্ৰাণী ৱাৰ্ডেন বাবুলী হাজৰিকা, আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়া আৰু বিদ্যালয়খনৰ শিক্ষকসকলে শোভা বৰ্দ্ধন কৰা অনুষ্ঠানটোত আৰণ্যকৰ বিষয়বীয়া আৰিফ হুছেইন সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

আনহাতে গহপুৰৰ মধ্য জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰণ্যকে আয়োজন কৰা “গঁড় স্কুললৈ যায়”ৰ আন এটা কাৰ্যসূচীত দৰ্শকৰ মাজত থকা ৬৮০ গৰাকী শিক্ষাৰ্থীয়ে এটা খৰ্গযুক্ত গঁড়ৰ সম্পৰ্কীয় প্ৰশ্নৰে সমল ব্যক্তিৰ সৈতে মত বিনিময় কৰে। আকৌ গহপুৰৰ কলংপুৰ হাইস্কুলত ৯ মে’ত অনুষ্ঠিত “গঁড় স্কুললৈ যায়”ৰ আন এটা কাৰ্যসূচীত ৩৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

ভৱিষ্যত প্ৰজন্মক জড়িত কৰি এটা খৰ্গযুক্ত ভাৰতীয় গঁড়ৰ দীৰ্ঘম্যাদী সংৰক্ষণক উদগনি যোগোৱাৰ উদ্দেশ্যে চলিত মাহত একেলেথাৰিয়ে আয়োজিত তিনিটা কাৰ্যসূচীত শিক্ষাৰ্থীৰ অভিভূত অংশগ্ৰহণক আৰণ্যকৰ সংৰক্ষণ বিশেষজ্ঞসকলে এক উৎসাহজনক লক্ষণ হিচাপে অভিহিত কৰিছে। কিয়নো বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজক মূল অংশীদাৰ বুলি গণ্য কৰে আৰণ্যকে।