অসম

এপিএছচি কেলেংকাৰীৰ ২২ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এপিএছচি কেলেংকাৰীত জড়িত ২২ জনকৈ বিষয়াক। সোমবাৰে বিশেষ আদালতত এই আটাইকেইজন অভিযুক্ত বিষয়াক হাজিৰ কৰোৱা হয়।

আদালতত হাজিৰ হোৱাৰ পিছতে বিশেষ আদালতে এই নিৰ্দেশ প্ৰদান কৰে। সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল এইসকল বিষয়া।

ইয়াৰে ১৯জন এচিএছ-এপিএছক ১৮ জুলাইত আৰু এজন এপিএছক ২৩ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। একেটা দিনতে আৰক্ষীৰ জালত পৰিছিল কেলেংকাৰীৰ সৈতে জড়িত ২জন দালাল।