অসম

পুনৰ মুকলি আকাশৰ তললৈ ঘোচ দি চাকৰি লোৱা ৪ এপিএছচি বিষয়া

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ মুকলি আকাশৰ তললৈ আহিল এপিএছচিৰ ধন দি চাকৰি লোৱাৰ অভিযোগেৰে অভিযুক্ত ৪ বিষয়া। শুকুৰবাৰে ৪ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। জামিন লাভ কৰা বিষয়া কেইগৰাকী ক্ৰমে উত্পল ভূঞা, নিশামণি ডেকা, পল্লৱী শৰ্মা চৌধুৰী আৰু জয়দেৱ মহন্ত।

উল্লেখ্য যে, শুকুৰবাৰে জামিন পোৱা বিষয়াকেইগৰাকীৰ সৈতে বৰ্তমানলৈকে এপিএছচিৰ জামিন লাভ কৰা বিষয়াৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পায়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৭ গৰাকী বিষয়াৰ জামিন মঞ্জুৰ কৰিছিল৷

বৃহস্পতিবাৰে জামিন লাভ কৰিবলৈ সক্ষম হোৱা বিষয়াকেইজন দৈথুন বৰগয়াৰী, গুলচন দাউলাগাপু, পল্লৱী শৰ্মা, সুশোভন দাস, মুস্তাফা আহমেদ বৰভূঞা, মানস প্ৰতিম হালৈ, দীপশিখা ফুকন, মুন মজুমদাৰ, ভাৰ্গৱ ফুকন, ঋতুৰাজ নেওগ, মণিকা তেৰংপী, বৰ্ণালী দেৱী, লীনা কৃষ্ণ কাকতি, মঞ্জুৰ ইলাহি লস্কৰ, ছাইবুৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস আৰু শ্ৰাৱন্তি সেনগুপ্তা।