অসম

এপিএছচি কেলেংকাৰীত জড়িত আৰু ৫ অভিযুক্তৰ জামিন মঞ্জুৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ৰাজ্য কপোঁৱা এপিএছচি কেলেংকাৰীৰ আন ৫ অভিযুক্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে। ন্যায়ালয়ে অভিযুক্ত ক্ৰমে- হিমাংশু চৌধুৰী, অনিৰূদ্ধ ৰয়, ৰাজু চাহু, আৰু জয়ন্ত নাথৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে, অভিযুক্ত বিষয়াকেইজনৰ জামিন মঞ্জুৰ কৰাৰ পাছতে এপিএছচি কেলেংকাৰীত জামিনপ্ৰাপ্ত বিষয়াৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পাইছে। ইফালে, জয়দেৱ মহন্ত আৰু নিশামণি ডেকাৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। অহা বৃহস্পতিবাৰে ন্যায়ালয়ে গ্ৰহণ কৰিব পৰৱৰ্তী শুনানি।