অসম

কলা শাখাত নৱম স্থানেৰে তিতাবৰলৈ গৌৰৱ কঢ়িয়ালে এপলো কাশ্যপ

asomiyapratidin

ডিজিটেল সংবাদ, বেকাজানঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত নৱন স্থানেৰে উজ্বলি উঠিল তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ছাত্ৰ এপলো কাশ্যপ। মুঠ ৪৬৭ নম্বৰ লাভ কৰি কলা শাখাত অসমৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰি সফলতা আজুৰি অনা এপলো কাশ্যপৰ ঘৰ হল গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলী গাঁৱত। পিতৃ মেঘমোহন বৰা আৰু মাতৃ জোনালী বৰাৰ পুত্ৰ এপলো' কাশ্যপে ফলাফল লাভ কৰাৰ কৰাৰ লগে উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে, কোনো নিৰ্দিষ্ট সময় নিৰ্ধাৰণ নকৰাকৈয়ে অধ্যয়ন কৰি যোৱা মেধাবী ছাত্ৰজনে সফলতাৰ আঁৰত অভিভাৱক আৰু প্ৰাগজ্যোতিকাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগিতা বুলি উল্লেখ কৰে। ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে ৰখা এপলোৱে নিজৰ এই সফলতাত সুখী হোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে ছাত্ৰজনে।