ভূপেন বৰাই ক'লে- মুখ্যমন্ত্ৰীৰ মতে কাম কৰিছে অংকিতা দত্তই...
ভূপেন বৰাই ক'লে- মুখ্যমন্ত্ৰীৰ মতে কাম কৰিছে অংকিতা দত্তই... 
অসম

ভূপেন বৰাই ক'লে- মুখ্যমন্ত্ৰীৰ মতে কাম কৰিছে অংকিতা দত্তই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক দলৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আজি সংবাদ মাধ্যমৰ আগত ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োফালে উকীল হ’বলৈ বিচাৰিছে।

বৰাই কয়, অংকিতা দত্তই তেওঁৰ কথা নুশুনিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হে কথা শুনিলে। সেয়ে তেওঁ এতিয়া অংকিতা দত্তৰ বিষয়টো আইনৰ মতেই বিচাৰ হ’ব বুলিও প্ৰকাশ কৰে।

ইয়াৰোপৰি তেওঁ অংকিতা দত্তৰ প্ৰসংগত সাংবাদিকক আৰু কোনো ধৰণৰ প্ৰশ্ন নকৰিবলৈও অনুৰোধ কৰিছে। উল্লেখ্য যে, অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰথমে টুইট কৰি দেশৰ ৰাজনীতি গৰম তুলিছিল।

ইয়াৰ পাছত তেওঁ দিছপুৰ আৰক্ষী থানাত শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ দাখিল কৰে।মন কৰিবলগীয়া যে, অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে টুইটাৰৰ জৰিয়তে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতেই ভূপেন বৰাই তেওঁক মাতি পঠিয়াইছিল আৰু তেওঁৰ সমগ্ৰ বিষয়টো দিল্লীত বৈঠকৰ জৰিয়তে সমাধা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল।

তাৰ পিছতো তেওঁ আইনৰ কাষ চপাত অংকিতা দত্তৰ বিৰুদ্ধে এইদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল। অংকিতা দত্তক দলৰ প্ৰাথমিক সদস্যৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰাৰ সন্দৰ্ভত ভূপেন কুমাৰ বৰাই কয়, অংকিতা দত্তক তেওঁৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি কৈছিল।

তাৰ পিছতো অংকিতা দত্ত আইনৰ কাষ চাপিলে। অংকিতা দত্ত এতিয়া দলত নাই। তেওঁ আইনৰ কাষ চাপিছে গতিকে এতিয়া আইনে সকলো বিচাৰ কৰিব।

তেওঁ কয় অংকিতা দত্তই আগনিশা তেওঁক মেণ্টৰ বুলি কৈ পিছদিনা পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কাম কৰিলে। ইফালে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছতে অংকিতা দত্তই টুইটাৰত তেওঁৰ বাইঅ' সলনি কৰি লিখিলে- প্ৰতাৰিত মহিলা অধ্যক্ষ ভাৰতীয় যুৱ কংগ্ৰেছ, অসম।