অসম

মঙলদৈত নতুন শিক্ষা নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অঙ্গনাবাড়ী কৰ্মীৰ…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্য আন আন জিলাৰ সমান্তৰাল ভাৱে মঙলদৈতো শনিবাৰে দৰং জিলাৰ অঙ্গনাবাড়ী কৰ্মীয়ে বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে। মঙলদৈৰ ভেবাৰঘাট বেচৰকাৰী বাছ আস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শ শ অঙ্গনাবাড়ী কৰ্মীয়ে জিলা সমাজ কল্যান কায্যালয়লৈ সমদল কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ নামত অঙ্গনাবাড়ী কেন্দ্ৰ সমূহক বন্ধ কৰাৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত অঙ্গনাবাড়ী কৰ্মীয়ে ৰাজপথ উত্তাল কৰি তোলে।

ইয়াৰ উপৰিও অঙ্গনাবাড়ী কৰ্মীৰ সহায়িকাক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আ‌ৰু অংগনাবাদী কৰ্মীৰ সহায়িকাক মাননিৰ সলনি মজুৰি দিয়া আৰু এককালীন সাহাৰ্য অবিহনে অঙ্গনাবাড়ী কৰ্মীৰ সহায়িকাক অৱসৰ দিয়া কাৰ্য বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে । দৰং জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ সন্মুখত কিছু সময় প্ৰতিবাদ কৰি থকাৰ ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ বন্ধ হৈ পৰে । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হাঁয় হাঁয়,নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বন্ধ কৰক,বি জে পি চৰকাৰ হাঁয় হাঁয় আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।