অসম

ইয়াকে কয় দুৰ্ভাগ্যঃ বেংকৰ ঋণলৈ পুত্ৰৰ বাবে মাক-দেউতাকে সাজিছে পিঞ্জৰা..

asomiyapratidin

ডিজিটেল সংবাদ আন্ধেৰীঘাট: সুদীৰ্ঘ ষোল্ল বছৰে পিঞ্জৰাবদ্ধ হৈ আছে এজন যুৱক। পিঞ্জৰাৰ ভিতৰতে খাইছেআৰু শুইছে। প্ৰস্বাৱ পাইখানাও কৰিছে সেই পিঞ্জৰাৰ ভিতৰতেই। গাত কাপোৰৰ নামত নাই নাম মাত্ৰ বস্ত্ৰও।সুদীৰ্ঘ ষোল্ল বছৰে সম্পূৰ্ণ উলংগ হৈ আছে যুৱকজন। হাড় কপোৱা জাৰৰ দিনটো একেদৰেই থাকে সম্পূৰ্ণ বস্ত্ৰ হীন ভাৱে।

পাঁচ বছৰ বয়সলৈ সম্পূৰ্ণ সুস্থ হৈ থকা বৰ্তমানৰ এই ২২ বছৰীয়া যুৱক জন দেখিলে হৃদয় মোচাৰ খাই যাব। যুৱক জনৰ নাম চাদ্দাম হুছেইন। দৰঙৰ চিপাঝাৰ সমষ্টিৰ দুই নম্বৰ সুক্তাগুৰি গাওঁৰ আত্তাৰ আলি আৰু হাচিনা বিবিৰ দ্বিতীয় সন্তান চাদ্দাম। পাঁচ বছৰ বয়সত টাইফয়ড নিমুনিয়া ৰোগত আক্ৰান্ত হৈ শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে চাদ্দামে। মুখেৰে মা আৰু মামা শব্দ দুটাৰ বাহিৰে বুজিব পৰা ধৰণৰ কোনো কথাই কব নোৱাৰে সি।

পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেইদিন ধৰি কাপোৰৰ সতে তাৰ অব্যাহ আছে শত্ৰুতা। কাপোৰ হাতেৰে স্পৰ্শ কৰিব পৰিলেই কামুৰি কামুৰি ফালি চিৰি ন্যস্ত কৰি দিয়ে। পিতৃ-মাতৃয়ে ভাত পানীও দিব লাগে খুৱাই। দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটোৱে চাদ্দামক লৈ পৰিছে মহা সমস্যাত। বন্ধন বেংকৰ পৰা ১২ হাজাৰ টকা ঋণ লৈ সন্তানৰ বাবে বনাইছে লোহাৰ পিঞ্জৰা। পূৰ্বতে কাঠৰ পিঞ্জৰা বনাইছিল যদিও সেয়া ভাঙি যোৱাত লোহাৰ পিঞ্জৰা বনাবলৈ বাধ্য হয় পৰিয়ালটো।


উল্লেখ্য যে সমাজ কল্যাণ বিভাগকে ধৰি মন্ত্ৰী বিধায়কক সহায়ৰ বাবে বহু আবেদন নিবেদন কৰাৰ পিছতো বিগত ষোল্ল বছৰে লাভ নকৰিলে কোনো ধৰণৰ সহায়। আনকি হুইল চকী এখন পাবলৈও সমৰ্থ নহল এই দুৰ্ভগীয়া পৰিয়ালটোৱে। এখন টিনৰ চালিত পলিথিনৰ বেৰ দি সজা এটা ঘৰত পিঞ্জৰা বদ্ধ হৈ আহিছে চাদ্দাম। সমাজ কল্যাণ বিভাগে কোটি কোটি টকা ব্যয় কৰি থকাৰ পিছতো বঞ্চিত হৈ আহিছে এই সকল পৰিয়াল। বিগত সময়চোৱাত স্বাস্থ্য মন্ত্ৰী হৈ থকা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ গৈয়ো কোনো সঁহাৰি লাভ নকৰা বুলি অসমীয়া প্ৰতিদিনৰ আগত এই পৰিয়ালটোৱে আক্ষেপ প্ৰকাশ কৰিছে।

আনহাতে পূৰ্বৰ চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াক বহুবাৰ আবেদন কৰিও সামান্য সহায় আদায় কৰিবলৈ অসমৰ্থ হোৱা এই পৰিয়ালটোৱে বৰ্তমানৰ বিধায়ক পৰমানন্দ ৰাজবংশীক কাতৰ আহ্বান জনাইছে, যাতে দয়াৰ দৃষ্টিৰে চাই পৰিয়ালটোক সহায় কৰে। মানৱতা ভূলুণ্ঠিত এই ঘটনাক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ ৰাজ্য চৰকাৰ খনে কেনে ভাৱে লয় সেয়া লক্ষণীয় হ'ব।