অসম

মণিপুৰত হিংসাত্মক ঘটনা : আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি

Asomiya Pratidin

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে আনন্দ মিশ্ৰক।

সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ৰণদীপ কুমাৰ বৰুৱাকো মণিপুৰৰ এছ আই টিৰ দায়িত্ব দিয়া হৈছে। দুয়োগৰাকী আৰক্ষী বিষয়াকে তাৎক্ষণিকভাৱে এই দায়িত্ব দিয়া হৈছে।