অসম

ড০ ৰাণী পাঠক দাসলৈ ২০২৩ বৰ্ষৰ অধবিকা ৰাষ্ট্ৰীয় বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন'লজি, মেঘালয় চমুকৈ ইউ এছ টি এমৰ জনসম্পৰ্ক বিষয়া ড০ ৰাণী পাঠক দাসলৈ অধবিকা মহিলা কমিউনিকেটৰ ৰাষ্ট্ৰীয় বঁটা। ভাৰতীয় জনসম্পৰ্ক পৰিষদে (পিআৰচিআই) ২০২৩ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে ড০ দাসক। নতুন দিল্লীৰ চানক্যপুৰীৰ অসামৰিক সেৱা বিষয়া প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে সন্ধিয়া আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

ড০ দাসে পিআৰচিআইৰ অধ্যক্ষ এম বি জয়ৰাম, পিআৰচিআইৰ ৰাষ্ট্ৰীয় সভাপতি গীতা শংকৰৰ উপস্থিতিত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী জুয়াল ওৰামৰ পৰা এই বঁটা গ্ৰহণ কৰে। উল্লেখ্য যে, মহিলাক প্ৰদান কৰা এই অধবিকা বাৰ্ষিক বঁটা হৈছে মহিলাৰ সম্ভাৱনাক স্বীকৃতি দিয়া তথা সফলতা প্ৰদৰ্শন কৰা মহিলাক পিআৰচিআইয়ে উৎসাহিত কৰাৰ বাবে লোৱা এক পদক্ষেপ।

পিআৰচিআইৰ ১৭তম গ্লোবেল কমিউনিকেশ্বন কনক্লেভৰ বঁটা প্ৰদান অনুষ্ঠানত মহিলা অৰ্জনকাৰীসকলৰ বাবে ৭টা শ্ৰেণীত এই অধবিকা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি ড০ ৰাণী পাঠক দাসে ইউএছটিএম কৰ্তৃপক্ষৰ শলাগ লয়। তেওঁ লগতে ভাৰতীয় জনসম্পৰ্ক পৰিষদৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।