- কেবক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত বহিব সদৌ অসম ছাত্ৰ সন্থা।
- ৩ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ আমন্ত্ৰণমৰ্মে দিল্লীত বৈঠকত অংশ লব আছুয়ে।
- এউ কথা সংবাদ মাধ্যমক জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।
- 'আমি তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰিম, কিয়নো আমি এখন গণতান্ত্ৰিক দেশৰ বাস কৰো।' সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।
- গগৈয়ে কয়, 'কেবৰ সন্দৰ্ভত আছু পূৰ্বৰ স্থিতি বাহাল থাকিব।'
- 'আমাৰ স্থিতি স্পষ্ট, কেতিয়াও, কোনো কাৰণতে আমাৰ স্থিতি সলনি নহয়।'
- 'এই বিধেয়কে সংবিধান বিৰোধী, ভাৰতৰ ধৰ্মমনিৰপেক্ষতা আৰু অসম চুক্তিক সম্পূৰ্ণৰূপে নসাৎ কৰিব।'
- 'এই বিষয়টো আমি যুক্তি সহকাৰে উপস্থাপন কৰিম আৰু নিশ্চিতভাৱে তেওলোকে ন্যায় প্ৰদান কৰিব লাগিব।'
- ১৯৭১ পিছত অহা বিদেশীৰ বোজা অসমে নলয় বুলিও কয় গগৈয়ে।