অসম

উত্তৰ-পূব পৰিষদৰ কাৰ্যসূচীত গৃহ মন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দিনৰ ১১.৫০ত উপস্থিত হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত। বিমান বন্দৰত গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী সোণোৱালে।

বিমান বন্দৰৰ পৰা পোনে পোনে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ১২:৩০ বজাত অনুষ্ঠিত হ'ব লগা ৬৮তম উত্তৰ পূৱ পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী।

দিনৰ প্ৰায় ১২.৪০ বজাত গৃহমন্ত্ৰীগৰাকী উপস্থিত হয়গৈ শাসনিক পদাধিকাৰী মহাবিদ্যালয়ত। উল্লেখ্য যে, ৯ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত হ'ব লগা উত্তৰ-পূৱ গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ বৈঠকত পুৱা ১০.৪৫ বজাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।