অসম

অমিত শ্বাহৰ ভৰি চুই ধন্য প্ৰাক্তন আছু নেতা… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ অমিত শ্বাহৰ ভৰি চুই ধন্য হ'ল একালৰ আছুৰ উপ-সভাপতি মণিমাধৱ মহন্ত। বৃহস্পতিবাৰে কলিয়াবৰত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। কলিয়াবৰৰ ড০ টি আও ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত অমিত শ্বাহে ভাষণ আৰম্ভ কৰি ৰাইজৰ আগত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তক পৰিচয় কৰি দিবলৈ কাষলৈ মাতিছিল।

অগপ, বিজেপি আৰু গণশক্তিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা একালৰ ছাত্ৰ নেতাগৰাকীয়ে ভাষণ দি থকা অমিত শ্বাহৰ কাষলৈ গৈ প্ৰথমে অমিত শ্বাহৰ ভৰি চুই সেৱা ল'ব বিচাৰিলে। অমিত শ্বাহে তেওঁৰ ভৰি চুবলৈ হাত আগবঢ়োৱা মণিমাধৱৰ হাতখন ধৰি উঠাই দিলে। তাৰপাছত আৰম্ভ কৰিলে ভাষণ। কাষত একান্ত বাধ্য ছাত্ৰৰ দৰে ৰৈ থাকিল মণিমাধৱ মহন্ত।

ভাষণ শেষ নোহোৱা পৰ্যন্ত এইদৰে মূৰ্তিৰ দৰে ৰৈ থাকিল মণিমাধৱ। যিজন অমিত শ্বাহে কিছুদিনৰ পূৰ্বে লখিমপুৰলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়ক শাসনলৈ আহিলে বিজেপিয়ে আনিবই বুলি ঘোষণা কৰিছিল, সেইজন শ্বাহৰে ভৰি চুই ধন্য হ'ল মণিমাধৱ। অথচ এইজন ছাত্ৰ নেতাই অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা কোনো কথাতে আপোচ নকৰে বুলি ঘোষণা কৰিছিল।

আনকি তেওঁ বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব বুলি সমষ্টিবাসীক আশ্বস্ত কৰাৰ প্ৰয়াস কৰিছিল। একেজন মণিমাধৱে ২৪ ঘণ্টা নৌহওঁতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুল পৃষ্ঠপোষক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক নিজস্বতা এৰি কেৱল ক্ষমতাৰ লোভত এইদৰে ভৰি চোৱাক লৈ এতিয়া চৰ্চা হৈছে।

ক্ষমতাৰ বাবে এইসকল নেতা কিমান তললৈ যাব পাৰে তাৰ প্ৰমাণ পোৱা গ'ল কলিয়াবৰৰ অমিত শ্বাহৰ সভাত । জাতীয়তবাদৰ নামত সংগ্ৰাম কৰা এনে পদলোহনকাৰী ছাত্ৰ নেতাৰ স্বৰূপ দেখি আচৰিত হৈছে আঞ্চলিকতাবাদৰ বিশ্বাসী ৰাজ্যবাসী। মেৰুদণ্ডহীন এই ছাত্ৰ নেতাজনৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে ৰাইজৰ।

জ্যেষ্ঠ জনক সন্মান কৰাতো বেয়া কথা নহয়। কিন্তু ৰাইজৰ প্ৰতিনিধি হ'বলৈ গৈ কেৱল নিৰ্বাচনৰ জয়ৰ স্বপ্নত ৰাজহুৱাভাৱে অমিত শ্বাহক সেৱা লোৱা কাৰ্যক সহজভাৱে ল'ব নোৱাৰে অসমৰ ৰাইজে। কিয়নো এইজন অমিত শ্বাহৰ বিৰুদ্ধেই এদিন নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ বাবে আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম নেতা আছিল দুদিনৰ পূৰ্বে আছু এৰি অগপত যোগ দিয়া মণিমাধৱ মহন্তও। শাসন পোৱা পাছত তেওঁলোক কিমান তললৈ নামিব পাৰে তাৰ নমুনাহে যেন দি গ'ল এই ৰাজহুৱা সভাত।

অমিত শ্বাহক সেৱা লোৱা মণি মাধৱ মহন্তই নিৰ্বাচনত জয়ী হৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত কি মাত মাতিব তাৰ প্ৰমাণ আজি পোৱা গ'ল। ৰাজহুৱা সভাত অমিত শ্বাহক সেৱা কৰাই নহয়, তেওঁৰ কাষত সমগ্ৰ ভাষণৰ সময়ত দৃষ্টিকটূৰভাৱে থিয় হৈও আছিল মণিমাধৱ মহন্ত।