অসম

আকৌ অমিত শ্বাহৰ মুখত অসমৰ অবৈধ বিদেশীক খেদোৱাৰ ভাষণ

asomiyapratidin

ডিজিটেল ডেস্কঃ দুদিনৰ আগতে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বই বুলি ঘোষণা কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সুৰ পুনৰ সলনি হৈছে। হিন্দু বাংলাদেশীসকলক ভাৰত তথা অসমত সংস্থাপন দিবলৈ  উঠি-পৰি লগা অমিত শ্বাহে পুনৰ অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কৰিছে আন এক মন্তব্য।

তেলেংগানাৰ মাহবুক নগৰত হৈ যোৱা এক সভাত অংশ লৈ অমিত শ্বাহে দাবী কৰে- অসমক বিদেশীমুক্ত কৰিবলৈ বিজেপিয়ে চেষ্টা চলাইছে। কিন্তু এই প্ৰচেষ্টাৰ অংশ স্বৰূপে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ সম্পূৰ্ণ কৰিছিল যদিও, এই প্ৰক্ৰিয়াত বাধা হৈ থিয় প্ৰায় সকলো ৰাজনৈতিক দলে। শ্বাহে লগতে কয়- আমি দেশক অনুপ্ৰৱেশকাৰীমুক্ত কৰিবলৈ দৃঢ় প্ৰতজ্ঞ।

একেগৰাকী বিজেপি নেতাই নিজ দলৰ কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বিদেশী ৰাষ্ট্ৰত থকা হিন্দু নাগৰিকসকলক ৰঙা দলিচা পাৰি দিব বুলিও ঘোষণা কৰিছিল। তেনেস্থলত ধৰ্মীয় দৃষ্টিকোণেৰে যে দলটোৱে অবৈধ বিদেশী সমস্যাক লৈ বিপৰীত স্থিতি গ্ৰহণ কৰিছে সেয়া স্পষ্ট হ'ল। উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত বুলি কৰা ঘোষণাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।