অসম

পূৰ্বতকৈ বহু ব্যতিক্ৰম হ’ব এইবাৰৰ অম্বুবাচী: নাথাকিব সাংস্কৃতি অনুষ্ঠান, ভি আই পি ব্যৱস্থা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। অম্বুবাচী উপলক্ষে ইতিমধ্যে প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতি সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশ আৰু কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ তুলনাত বহু ব্যতিক্ৰম ভাৱে পালন কৰা হ'ব অম্বুবাচী।

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ধৰ্মীয় ৰীতি-নীতিৰেহে অনুষ্ঠিত কৰা হ'ব অম্বুবাচী। অম্বুবাচীত এইবাৰ নাথাকিব শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান। পূৰ্বৰ দৰে অম্বুবাচী উপলক্ষে যি জাকজমকতা থাকে সেইবোৰ নাথাকিব। পূৰ্বৰে দৰে নাথাকিব প্ৰচাৰ ব্যৱস্থা।

তথাপিও অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্ত সকলৰ থকা-খোৱাৰ ব্যৱস্থা পূৰ্বৰ দৰেই কৰা হ'ব। ইয়াৰ বাবে মু ৪ টা স্থান নিৰ্ধাৰণ কৰা হৈছে। মাছখোৱাৰ পুৰণি জেইল কেম্পাচ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত কামাখ্যালৈ অহা ৩০ সহস্ৰাধিক তীর্থযাত্ৰীৰ আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি চলোৱা হৈছে।

পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনোৱা অনুসৰি স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাবে মনোনিৱেশ কৰা হৈছে। এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান বাহন উঠিবলৈ দিয়া নহ'ব। লগতে এইবাৰ কোনো Car Pass ৰ ব্যৱস্থা কৰা হোৱা নাই।

কামাখ্যাৰ মূল পথ, পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়ে অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ উঠিবলৈ সকলো ভক্তলৈ অনুৰোধ জনোৱা হৈছে। মাথোঁ দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ প্ৰয়োজনৰ তাগিদাতহে যাত্ৰীৰ বাবে বিশেষ ফেৰী বাছৰ ব্যৱস্থা কৰা হ'ব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি গোটেই কামাখ্যা পাহাৰতেই স্বচ্ছতা, অনাময়, পোহৰ আৰু ধৰ্মীয় সংগীতৰ বিশেষ ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰীৰ আগ্ৰহৰ ভিত্তিত নিবৃত্তিৰ দিনাখন কামাখ্যাৰ দুৱাৰ খোলাৰ লগে লগে কোনো VIP ক এইবাৰ দৰ্শনৰ অনুমতি দিয়া নহ'ব। সকলোৱে সাধাৰণ যাত্ৰীৰ দৰেই মা কামাখ্যাৰ দৰ্শন কৰিব লাগিব।