অসম

মহানগীৰৰ বিশিষ্ট ব্যৱসায়ীৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ জ্যোতি নগৰৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী আলোক কুমাৰ শৰ্মাৰ বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৫৫ বছৰ বয়সত মৃত্যু হয়। পাছনতন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বিশিষ্ট ব্যৱসায়ীগৰাকী গুৱাহাটীৰ বিশিষ্ট নাগৰিক তথা সমাজকৰ্মী প্ৰয়াত দ্বীজেন্দ্ৰ নাথ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ আৰু বৰ্তমানে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰূপে কৰ্মৰত কুলেণ শৰ্মাৰ ককায়েক আছিল।

জ্যোতি নগৰ ব্যৱসায়ী সন্থাৰো সদস্য আলোক শৰ্মাৰ নশ্বৰ দেহ, জ্যোতি নগৰস্থিত বাসভৱনলৈ অনাৰ পিচত বুধবাৰেই নিশা নৱগ্ৰহ স্মশানত গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁ মৃত্যুৰ সময়ত পত্নী, ভাতৃ আৰু দুই পুত্ৰ সহিতে বহু আত্মীয়ক এৰি থৈ গৈছে। সৰবৰহী লোকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।