অসম

অল ইণ্ডিয়া ডি এছ অ’ৰ ৰাজ্যিক ছাত্ৰ সন্মিলনৰ সামৰণি

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ শিক্ষাৰ বেচৰকাৰীকৰণ, সাম্প্ৰদায়িকীকৰণ, বিভিন্ন স্তৰত অস্বাভাৱিক মাচুল বৃদ্ধি, চৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু প্ৰাথমিক স্তৰত পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তন, স্কুল কলেজত শিক্ষক নিযুক্তিৰ দাবীত অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত যোৱা ৯ ছেপ্টেম্বৰৰ পৰা চলা অল ইণ্ডিয়া ডি এছ অ'ৰ
৪ৰ্থ ছাত্র ৰাজ্যিক ছাত্র সন্মিলনৰ বুধবাৰে সামৰণি পৰে।

বুধবাৰে অন্তিম দিনা গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত প্ৰতিনিধি সভাত প্ৰজ্জ্বল দেৱক সভাপতি আৰু হেমন্ত পেগুক সম্পাদক হিচাপে নিৰ্বাচিত কৰি ২৮জনীয়া এক নতুন ৰাজ্যিক কমিটী গঠন কৰা হয়। ইপিনে লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত মুকলি সমাৱেশৰ পূৰ্বে বহু সংখ্যক ছাত্র-ছাত্ৰীয়ে গুৱাহাটীৰ ৰে'ল ষ্টেচনৰ পৰা হাতে হাতে চেমিষ্টাৰ প্ৰথা বাতিল কৰক, চি বি চি এছ বাতিল কৰক, মাচুল বৃদ্ধি নচলিব, প্ৰথম শ্ৰেণীৰ পৰা পাছ-ফেইল প্ৰৱৰ্তন কৰক আদি দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ সমদল কৰি আহি সমবেশস্থলীত উপস্থিত হয়।

সংগঠনৰ সৰ্বভাৰতীয় সভাপতি কমল সায়ে সমাবেশৰ উদ্বোধনী বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও সংগঠনৰ সাধাৰণ সম্পাদক অশোক মিশ্ৰ আৰু অসম ৰাজ্যিক সম্পাদক প্ৰজ্জ্বল দেবে প্ৰাসংগিক ভাষণ আগবঢ়ায়। এই সমাবেশৰ প্ৰধান বক্তা হিচাবে উপস্থিত থাকে এছ ইউ চি আই (চি)দলৰ পলিটবু'ৰোৰ সদস্য অসিত ভট্টাচাৰ্য।