অসম

সদৌ অসম স্প’ৰ্টছ কিক্ বক্সিং এছ’চিয়েছনৰ ৰাজ্যিক সমিতি গঠন

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ সদৌ অসম স্প'ৰ্টছ কিক্ বক্সিং এছ'চিয়েছন চমুকৈ আস্কা (AASKA)ৰ ৰাজ্যিক সমিতিখন মঙলবাৰে গঠন কৰা হৈছে বুলি সম্পাদক ঝংকাৰ গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। গোলাঘাট জিলাৰ বৰপথাৰত অনুষ্ঠিত হোৱা এক সভাত সৰ্বসন্মতি ক্ৰমে মাধুৰ্য্য শইকীয়াক সভাপতি আৰু ঝংকাৰ গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মধৰ গগৈয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট ব্যৱসায়ী মাধুৰ্য্য শইকীয়া, সমাজকৰ্মী ৰাজীৱ শইকীয়া, আস্কাৰ অল ইণ্ডিয়াৰ টেকনিকেল ডাইৰেক্টৰ শোভম চৌধুৰী, আস্কাৰ ৰাজ্যিক টেকনিকেল ডাইৰেক্টৰ প্ৰশান্ত কুমাৰ দাসকে ধৰি বহু কেইজন সদস্য উপস্থিত থাকে।

পৰ্যবেক্ষক ৰূপে উপস্হিত থাকে ৰাষ্ট্ৰীয় টেকনিকেল ডাইৰেক্টৰ শোভম চৌধুৰী। নৱ নিৰ্বাচিত সমিতিখনে অনাগত দিনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিভাৱান খেলুৱৈ উলিয়াই আনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সংকল্পবদ্ধ হয়।