অসম

নগাঁৱত ২২ আৰু ২৩ জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ- ২০২২ৰ আয়োজন : ৰাজ্য খনৰ ৪ শতাধিক পাঞ্জা খেলুৱৈয়ে কৰিব অংশগ্ৰহণ…

asomiyapratidin

প্ৰতিদিন সেৱা,বেবেজীয়া,৮ জুলাই: অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত দুদিনীয়াকৈ নগাঁও চহৰত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ -২০২২। নগাঁও চহৰস্থিত ঐতিহ্যমণ্ডিত নগাঁও জিলা পুথিভঁৰালৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা খনত ৰাজ্য খনৰ বিভিন্ন জিলাৰ প্ৰায় চাৰি শতাধিক পাঞ্জা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে পাঞ্জা সংস্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক মাধুৰ্য ডেকাই।

নগাঁও চহৰত আয়োজিত এই চেম্পিয়নশ্বিপ খন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক সভাপতি, অধিবক্তা ধ্ৰুৱ জ্যোতি শৰ্মাক কাৰ্যকৰী সভাপতি আৰু সাংবাদিক ভাস্কৰ জ্যোতি মেধিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া অভ্যৰ্থনা সমিতি খন গঠন কৰে। উক্ত অভ্যৰ্থনা সমিতি খনে ইতিমধ্যে ৰাজ্য খনৰ বিভিন্ন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰিব লগা পাঞ্জা খেলুৱৈ সকলক আদৰিবলৈ যাৱতীয় সকলো প্ৰস্তুতি চলাইছে বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি/ সম্পাদকে প্ৰকাশ কৰিছে।