অসম

সদৌ অসম গৃহৰক্ষী সন্থাৰ অসহযোগ কৰ্মবিৰতি আন্দোলনৰ দ্বিতীয় দিন…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়া কৰি দৰমহা বৃদ্ধি কৰাৰ দাবীত সোমবাৰৰ পৰা সদৌ অসম গৃহৰক্ষী সন্থাই অসহযোগ কৰ্মবিৰতি আন্দোলনৰ কাৰ্য্যসূচী হাতত লৈছে। সদৌ অসম গৃহৰক্ষী সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা মানকাচৰ জিলা গৃহৰক্ষী সন্থাই সোমবাৰে কৰ্মবিৰতি কৰি জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহৰ সম্মুখত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

মঙলবাৰে দ্বিতীয় দিনাও গৃহৰক্ষী জোৱান সকলে কৰ্মবিৰতি কাৰ্য্যসূচী চলাই থকা পৰিলক্ষিত হৈছে। জিলা গৃহৰক্ষী সন্থাৰ সভাপতি ছফিউৰ ৰহমান কয় যে- আমাৰ চাকৰি নিয়মীয়া কৰি সমান কামৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আমি সদৌ অসম গৃহৰক্ষী সন্থাই আগন্তক বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰিম বুলি এইদৰে সাংবাদিকৰ আগত ভাবুকি দিয়ে।