অসম

সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰান্ধনী সকলৰ দীৰ্ঘদিনীয়া সমস্যাক লৈ বৰ্তমানৰ চৰকাৰে খনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ২২ ফেব্ৰুৱাৰীত ৰাতিপুৱা ৬ বজাত চচলৰ পৰা জনতা ভৱনলৈ ৰাওনা হ'ব সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী আৰু সহায়িকা সন্থা।

প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল লগ হৈ ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈ ৰুপায়ন কৰিব প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদৰ অংশ হিচাপে তেওঁলোকে মুখ্যমন্ত্ৰীলৈ এখন ৰাজহুৱা স্মাৰকো প্ৰদান কৰিব । ১৫০০ টকাৰে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়াল চলাব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে।