অসম

১০ হাজাৰ আহোম সেনাৰ আত্মবলিদানঃ আলাবৈ ৰণৰ স্মৃতি দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল ডেস্কঃ শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে আন এখন বিখ্যাত যুদ্ধ হৈছিল। অসম আৰু অসমীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ বাবে এই যুঁজত প্ৰায় ১০ হাজাৰ আহোম সেনাই প্ৰাণ ত্যাগ কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বত ১৬৬৯চনত হোৱা যুঁজত আহোম সেনাই ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাৰ বিৰুদ্ধে যুঁজ দিছিল। আলাবৈ ৰণ নামেৰে বুৰঞ্জীৰ পাতত উল্লেখ আছে এই যুদ্ধৰ কথা।

৫ আগষ্টৰ দিনটোক আলাবৈ ৰণৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। উল্লেখযোগ্য যে, আলাবৈ ৰণক্ষেত্ৰ আছিল গুৱাহাটীৰ দাঁতিকাষৰীয়া ডলিবাৰীৰ ওচৰৰ আলাবৈ পাহাৰৰ দাঁতিত। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা চেঁচানদীৰ পাৰলৈকে বিস্তৃত এই যুদ্ধ ভূমিত আহোম ৰজা চক্ৰধ্বছ সিংহৰ নিৰ্দেশ মৰ্মে মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই এই যুঁজত অৱতীৰ্ণ হৈছিল।

আলাবৈ ৰণত যদিও অন্যায়ভাৱে মোগল সেনাই আহোম সেনাক বধ কৰিছিল, কিন্তু বলবিক্ৰম আৰু সাহস হেৰুওৱা নাছিল লাচিত বৰফুকনে। পৰৱৰ্তী সময়ত এই যুঁজৰ অভিজ্ঞতাৰ ভিত্তিতেই মহাবীৰ লাচিত বৰফুকনে শৰাইঘাটত মোগলক পৰাস্ত কৰি আহোম ৰাজ্যৰ অস্তিত্ব ৰক্ষা কৰিছিল। অসমীয়াৰ বীৰত্বৰ কাহিনী আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিয়া আহোম সেনাসকলৰ স্মৃতিত আলাবৈ ৰণৰ স্মৃতি দিৱস বৃহস্পতিবাৰে আয়োজন কৰা হয়।

কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সহযোগত সাংস্কৃতিক বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা আলাবৈ ৰণ স্মৃতি দিৱস ২০২১ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দয়ানন্দ পাঠকে অংশ ল'ব।

কোভিডৰ বাবে অতি অনুষ্টুপীয়াকৈ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ'ব আলাবৈ ৰণ স্মৃতি দিৱস। এই ঐতিহাসিক যুঁজত আহোম সেনাৰ নেতৃত্বত আছিল চাৰিঙীয়া পেলন ফুকন, দিখৌমুখীয়া ৰাজখোৱা, নামদৈয়ঙ্গীয়া আদি। এই ৰণত মোগলৰ হৈ মদনাৱতী নামৰ এগৰাকী ৰাজপোত ৰমনী আৰু মীৰ নবাবেও অংশ লৈছিল।

আহোম সেনাৰ আক্ৰমণত মৃত্যু হৈছিল মদনাৱতীৰ। প্ৰবল পৰাক্ৰমে আহোম সেনাই মোগল সেনাৰ বিৰুদ্ধে যুঁজ দিছিল যদিও চক্ৰান্ত কৰি মোগল সেনাপতি ৰাম সিংহই অশ্বৰোহী সৈনিকেৰে আগুৰি ১০ হাজাৰ আহোম সেনাক বধ কৰিছিল। সেই আলাবৈ ৰণৰ যুদ্ধ ক্ষেত্ৰ আৰু ইয়াৰ বুৰঞ্জী প্ৰসিদ্ধ সমল লব্ধ ইতিহাস বিজৰিত স্থান বহু দিন ধৰি অনাদিত হৈ পৰি আছিল।