অসম

সন্মুখত গণৰাজ্য দিৱসঃ ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড…

asomiyapratidin

ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস সমাগত।২৬ জানুৱাৰীত সমগ্ৰ দেশে উদযাপন কৰিব এই দিৱস। কভিডসৃষ্ট পৰিৱেশৰ মাজতে গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী।বজাৰত উপলব্ধ হৈছে তিনিবৰণীয়া জাতীয় পতাকা।এইবাৰ গণৰাজ্য দিৱস উপলক্ষ্যে ব্যস্ততা বাঢ়িছে অসম খাদী বৰ্ডৰ।

দিনে নিশাই খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত। খাদী বৰ্ডৰ এগৰাকী উচ্চ পদস্থ বিষয়া বিপুল হাজৰিকাই কয় যে, ৭৩তম গণৰাজ্য দিৱস উপলক্ষ্যে আমি ১১.২০ লাখ টকাৰ মূল্যৰ প্ৰায় ৫৪০০ খন ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাৰ লক্ষ্য বান্ধি লৈছো।

উল্লেখ্য যে, এয়া প্ৰথমবাৰৰ বাবে নহয় ইয়াৰ পূৰ্বেও গণৰাজ্য দিৱস হওক অথবা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বৰ্ডে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি বজাৰত বিভিন্ন দৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছিল।

যোৱা ১৫আগষ্টত অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বৰ্ডে প্ৰায় ৩০০০ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰাৰ লক্ষ্য ৰাখিছিল যদিও ২০০০ৰো অধিক পতাকা তৈয়াৰ কৰি বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিছিল।এই ৰাষ্ট্ৰীয় পতাকা সমূহ বজাৰত ২০০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল।