অসম

আক্ৰাছুৰ জাতীয় ছহিদ ট্ৰফী প্ৰতিযোগিতাৰ সামৰণিঃ ছালাকাটি আঞ্চলিক আক্ৰাছু চেম্পিয়ন...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাগাঁও লক্ষ্মী মন্দিৰ খেলপথাৰত যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আক্ৰাছুৰ জাতীয় ছহিদ জিতেন ৰায় সোঁৱৰণী চলন্ত ফুটবল ট্ৰফী প্ৰতিযোগিতাখন আজি সামৰণি পৰে । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত আজি ছালাকাটি আঞ্চলিক আক্ৰাছু আৰু বালাগাঁও বি পি এইচ চিৰ মাজত অনুষ্ঠিত হয়।

তীব্ৰ প্ৰতিদ্বন্দিতামূলক উক্ত চূড়ান্ত খেলখনত ছালাকাটি আঞ্চলিক আক্ৰাছুৱে বালাগাঁও বি পি এইচ চিৰ ফুটবল দলটোক ১- ০ গ'লৰ ব্যৱধানত পৰাজিত কৰে। আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা সহিতে নগদ ধন ১৫০০ টকা লাভ কৰে ছালাকাটি আঞ্চলিক আক্ৰাছুৰ সামি মুৰ্মৱে আৰু শ্ৰেষ্ঠ গলকিপাৰৰ হিচাপে বঁটা আৰু নগদ ধন ১৫০০ টকা লাভ কৰে জিণ্টু ৰায়ে ।

আনহাতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা সহিতে নগদ ধন ৩০০১ টকা লাভ কৰে ছালাকাটি আঞ্চলিক আক্ৰাছু দলৰ জোহান বাওৰিয়াই । ইপিনে আজি চূড়ান্ত খেলৰ বিজয়ী দল হিচাপে ছালাকাটি আঞ্চলিক আক্ৰাছুৰ ফুটবল দলটোক সুদৃশ্য ট্ৰফী আৰু নগদ ধন ২০,০০১ টকা আৰু বিজিত দল বালাগাঁও বি পি এইচ চিৰ ফুটবল দলটোক ট্ৰফী আৰু নগদ ধন ১৫,০০১ টকা আয়োজক সমিতিয়ে পুৰষ্কাৰ হিচাপে প্ৰদান কৰে ।

আজিৰ চূড়ান্ত খেলৰ সামৰণি অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , আক্ৰাছুৰ সভাপতি, সম্পাদক, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কাৰ্যবাহী সদস্যক্ৰমে জীৱেশ ৰায়, কৰমেশ্বৰ ৰায়, নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথকে আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।