অসম

ওদালগুৰিত আক্ৰাছুৰ ৩ নেতাক সংগঠনৰ পৰা বহিষ্কাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ আক্ৰাছুৰ ওদালগুৰি জিলা(পূৱ) সমিতিৰ তিনিগৰাকী নেতাক শনিবাৰে সংগঠনটোৰ পৰা বহিষ্কাৰ কৰে ৰৌতাৰ বৰাঙাবাৰীত অনুষ্ঠিত হোৱা সংগঠনটোৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাই। এই সন্দৰ্ভত সংগঠনটোৰ পূৱ জিলা সমিতিৰ সভাপতি-ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে আনন্দ শ‌ইকীয়া আৰু মিঠুন বৰুৱা স্বাক্ষৰিত এক বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।

বিবৃতিটোত উল্লেখ থকা অনুসৰি অসাংবিধানিক কাম-কাজত জৰিত থকাৰ অভিযোগত সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা জিলা সমিতিৰ উপদেষ্টা ভৱেন ৰাজবংশী, ওদালগুৰি জিলা সমিতিৰ সম্পাদক নৱজিৎ কোচঁ আৰু উপ-সভাপতি অৰণ্য ডেকা সংগঠনটোৰ বিষয়ৱাব তথা প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰোপৰি উক্ত জৰুৰী সভাই আগন্তুক দিনত সংগঠনটোৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰোপৰি বিবৃতিটোত এক গুৰুত্বপূৰ্ণ বিষয় উল্লেখ থকা অনুসৰি আগন্তুক দিনত বহিষ্কৃত নেতাকেইজনে সংগঠনৰ নামত আৰ্থিক বৰঙণি সংগ্ৰহৰ তথ্য জিলা সমিতিয়ে লাভ কৰিলে নেতাকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ প্ৰদান কৰে।

শনিবাৰৰ এই জৰুৰী কাৰ্যনিৰ্বাহক সভাত মিঠুন বৰুৱাক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, বাবুল বৰুৱা আৰু জয়ন্ত কোঁচক উপ-সভাপতি আৰু ৰঞ্জন ডেকাক মূখ্য সাংগঠনিক সম্পাদক, কপিল ডেকাক চিলাৰায় সেনাধ্যক্ষ আৰু অতুল ডেকাক উপ-সেনাধ্যক্ষ পদত অধিস্থিত কৰে। জৰুৰী সভাত কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ লগতে জিলা সমিতিৰ সভাপতিৰ প্ৰতি আস্থা প্ৰকাশ কৰে বুলি বিবৃতিটোত উল্লেখ কৰে।