অসম

ফেচবুকত অখিল-হিমাক লৈ কোনে চলাইছে অপপ্ৰচাৰ? VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ এছিয়ান গেমছত সফলতাৰ পাছত হিমা দাসক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুৰস্কাৰ ৰূপে শকত ধনৰ টোপোলা আগবঢ়াইছিল। স্বৰ্ণ কন্যাগৰাকীক এই ধনৰাশি বানাক্ৰান্তসকলক দান দিবলৈ অখিল গগৈয়ে অহ্ৱান জনোৱা বুলি মানুহৰ মুখে মুখে এক খবৰ বিয়পিছিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই খবৰৰ পাছতে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে বিষয়টো অনুসন্ধান কৰে।

অখিল গগৈৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত কৃষক নেতাজনে কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰে। হিমা দাসক তেওঁ কেতিয়াও এনে অনুৰোধ কৰা নাই বুুলি স্পষ্ট কৰি দি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক গগৈয়ে জনালে, ছ'চিয়েল মিডিয়াত বিজেপি আৰু আৰ এছ এছৰ একাংশ লোকে এই ধৰণৰ অপ-প্ৰচাৰ চলাই সংগঠনটোৰ লগতে তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে।

'এয়া সম্পূৰ্ণ অপপ্ৰচাৰ। এয়া চৰকাৰী অপপ্ৰচাৰ। হিমা দাস অসমীয়া জাতিৰ বাবে গৌৰৱ। প্ৰতিজন অসমীয়া লোকৰ লগতে মই অখিল গগৈয়েও হিমাক লৈ গৌৰৱ কৰিছো। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ো হিমাক লৈ গৌৰৱান্বিত। হিমাই অসমীয়া জাতিৰ সন্মান বৃদ্ধি কৰিছে। তেনেস্থলত তেওঁ পোৱা পুৰস্কাৰৰ ধন বানাক্ৰান্তক দিবলৈ মই কোৱা নাই আৰু কেতিয়াও নকও।'- কৃষক নেতাজনে কয়।

তেওঁ আৰু কয়, 'বানপানীৰ কাৰণে চৰকাৰ আছে। বানপানীৰ ক্ষতিগ্ৰস্তৰ বাবে চৰকাৰে টকা খৰচ কৰিব। হিমা দাসে তেওঁৰ কৃতিত্বৰ জৰিয়তে লাভ কৰা ধন বানপানীৰ কাৰণে খৰছ কৰাৰ কোনো প্ৰয়োজন নাই।'

এছিয়ান গেমছত লাভ কৰা সাফল্যৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাই হিমাই অলিম্পিকত পুনৰ দেশ আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে অখিল গগৈয়ে। ইফালে হিমাক কেন্দ্ৰ কৰি এনেধৰণৰ অপপ্ৰচাৰ চলোৱা চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে কৃষক মুক্তিৰ সমৰ্থসকলে।