- শনিবাৰে এক সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে।
- সংবাদমেলত কৃষক নেতাগৰাকীয়ে কয়-
- 'গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি ইমান কেইজন লোকৰ মৃত্যু হোৱা ঘটনা হৃদয়বিদাৰক আৰু দুখদায়ক।'
- 'অসমৰ ইতিহাসত এইটো এনেধৰণৰ প্ৰথমটো মৰ্মান্তিক ঘটনা।'
- 'অপৰাধজনিত ঘটনা এটা জাতিৰ প্ৰতি গভীৰ ষড়যন্ত্ৰ।'
- 'এনে ঘটনা সংঘটিত হৈছে স্বাস্থ্য আৰু আবকাৰী বিভাগৰ ছিণ্ডিকেটৰ বাবে।'
- এই মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।
- সুভাষ সাহাই আৰু লালচৰণ আগৰৱালা নামৰ ব্যক্তি দুজনে লালীগুড়ৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগ।
- সুৰা বিজেপিৰ উপাৰ্জনৰ ডাঙৰ উৎস বুলিও মন্তব্য অখিল গগৈৰ।
- লগতে কৃষক নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়-
- '১০০জন মানুহ মৰাৰ পিছতো চৰকাৰে ব্যৱস্থা লোৱা নাই।'
- 'মদমুক্ত অসম গঢ়াৰ বাবে দাবী নজনোৱাটো অতি দুৰ্ভাগ্যজনক।'
- 'বিজেপি-আৰ এছ এছে বাগানৰ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰে।'
- 'ভোট বেংক হিচাপে বাগানৰ লোকক ব্যৱহাৰ কৰিছে বিজেপিয়ে।'