অসম

অসমৰ সকলো সংগঠন ঐক্যবদ্ধ হওঁক, প্ৰথমে কা’ৰ বাতিল, তাৰ পাছত বিকল্প ৰাজনীতিঃ অখিল গগৈ, VIDEO

asomiyapratidin
  • শুকুৰবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক।
  • আদালতৰ পৰা নিয়াৰ সময়ত কৃষক নেতাগৰাকীয়ে ক'লে, 'জয় আই অসম, সকলো জনসাধাৰণ ঐক্যবদ্ধ হওঁক, ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক৷'
  • 'অসমৰ সকলো সংগঠন ঐক্যবদ্ধ হওঁক।'
  • 'প্ৰথমে কা'ৰ বাতিল, তাৰ পাছত বিকল্প ৰাজনীতি।'
  • 'যিকোনো প্ৰকাৰে ২০২১ত বিজেপিৰ পৰাজিত কৰিব লাগিব।'
  • ইফালে অখিল গগৈৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশনা সন্দৰ্ভত সংবাদমাধ্যমক অধিবক্তাই জানিবলৈ দিয়াৰ মতে ইতিপূৰ্বে জিম্মাত বিচাৰি বিশেষ আদালতত জনোৱা আবেদন নাকচ কৰাৰ পিছত কেন্দ্ৰীয় সংস্থাটোৱে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়তো এখন আবেদন কৰিছিল।
  • সেই আবেদনৰ শুনানিৰ বাবে ২ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্যও কৰা আছিল।
  • কিন্তু শুকুৰবাৰে বিশেষ আদালতত এই বিষয় অৱগত নকৰাকৈ কৃষক নেতাগৰাকীক পুনৰ জিম্মাত বিচাৰি আবেদন কৰা হয়।
  • এনেদৰে আদালতক বিভ্ৰান্তিত পেলোৱাৰ চেষ্টা কৰাৰ বাবেই NIAৰ বিশেষ আদালতে পোনচাতেই উক্ত আবেদন নাকচ কৰে আৰু তেওঁক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
  • তদুপৰি কাৰাগাৰত পৰিয়ালৰ সদস্য আৰু অধিবক্তাই ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ ক্ষেত্ৰত গোপনীয়তাৰ অধিকাৰ সম্পৰ্কীয় নিৰ্দেশনা মানি চলিবলৈকো চৰকাৰী পক্ষক আদালতে নিৰ্দেশ দিয়ে।
  • অসুস্থ অখিল গগৈক প্ৰয়োজনত জিএমচিএইচত চিকিৎসা কৰাৰ বাবেও শুকুৰবাৰে নিৰ্দেশনা দিয়ে।
  • অখিল গগৈক প্ৰথমবাৰ NIAৰ আদালতত হাজিৰ কৰা সময়ত হেণ্ডকাফেৰে বান্ধি অনা কাৰ্য সন্দৰ্ভত পত্নীয়ে আাদালতত জনোৱা আবেদন সন্দৰ্ভত উত্তৰ দিবলৈ শুকুৰবাৰে পুনৰ NIAয়ে ৩০ দিনৰ সময় বিচাৰে।
  • বিশেষ আদালতে সেই আবেদন গ্ৰহণ কৰি NIAক ৩০ দিনৰ সময় মঞ্জুৰ কৰে।