অসম

তৰুণ গগৈৰ তোলনীয়া পুত্ৰ অখিল গগৈ!

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ এখন সংবাদমেলযোগে অখিল গগৈয়ে ৰাজ্যৰ কয়লা, চুপাৰি তথা গৰু ছিণ্ডিকেটত একাংশ মন্ত্ৰী-বিধায়ক জড়িত বুলি অভিযোগ কৰাৰ পাছতে শুকুৰবাৰে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বোকাজানৰ বিধায়ক নোমল মমিনে৷ সংবাদমেলত বিধায়কজনে অখিল গগৈক প্ৰত্যুত্তৰ দি কয় যে-অখিল গগৈৰ অভিযোগ ভিত্তিহীন। কয়লা আৰু চুপাৰিত কেতিয়াও ছিণ্ডিকেট হোৱা নাই। ৰাজ্যৰ উন্নয়নমূলক কাম দেখি দৰাচলতে গা জ্বলিছে অখিলৰ৷

কাৰ্বি পাহাৰৰ কয়লা ছিণ্ডিকেটত তেওঁ কি ভিত্তিত মোক আঙুলিয়ালে বুলিও প্ৰশ্ন কৰি বিধায়কজনে কয় যে, শূন্যত গদা ঘূৰাই ফুৰে অখিল গগৈ তথা একাংশ সংগঠনে৷ কৃষক নেতা বুলি কৈ ফুৰা অখিল গগৈয়ে আনক আঙুলিয়াৰ পূৰ্বে নিজক চাই লওক বুলিও কটাক্ষ কৰে তেওঁ।

অবৈধভাৱে অৰ্কিড পাৰ্কৰ মাটি বেদখল কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিধায়কজনে কয় যে-বেদশলকাৰীয়ে চৰকাৰক আঙুলিয়াৰ অধিকাৰ নাই। আনক আঙুলি দেখুৱাৰ আগত তেওঁ নিজে ঠিক হৈ লওক। একেদৰেই অখিল গগৈয়ে আনক আঙুলিয়াৰ আগত তেওঁৰ দল কেনেকৈ চলিছে, কাৰ টকাৰে চলিছে সাহস থাকিলে ৰাজহুৱাকৈ তথ্য দিয়ক বুলিও সংবাদমেলত মন্তব্য কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ডাঃ নোমল মমিনে।

ইফালে বিধায়কজন ইয়াতে ক্ষান্ত নাথাকি অখিল গগৈক তৰুণ গগৈৰ তোলনীয় পুত্ৰ বুলিও মন্তব্য কৰে৷ অখিল গগৈয়ে মাওবাদীৰ নীতিৰে ৰাজ্য অশান্তি কৰাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে বিধায়কজনে৷