অসম

বিপিএফ-বিজেপিক উৎখাত কৰক ৰাইজেঃ কোকৰাঝাৰৰ ছালাকাটিত অখিল গগৈ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা আৰু ছালাকাটি আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে ছালাকাটি ঈদগাহত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। জিলাখনৰ ছালাকাটি ঈদগাহত বিশাল গণ সমাৱেশত কৃষক মুক্তি সংগ্ৰামৰ উপদেষ্ঠা অখিল গগৈ, আক্ৰাছুৰ সম্পাদক গোকুল বৰ্মণ, আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ আদিকে ধৰি কেবাটাও ছাত্ৰ সংগঠনৰ নেৰ্তৃবৰ্গ উপস্থিত থাকে।

সভাত অখিল গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি, বিপিএফ মিত্ৰজোঁটক পৰাভূত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

বিজেপি আৰু বিপিএফৰ তীব্ৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত যিকোনো প্ৰকাৰে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক প্ৰতিহিত কৰিবলৈ আৰু বিজেপিক অসমৰ পৰাই নাইকীয়া কৰিবলৈ আহ্বান জনায়।

লাফিকুল ইছলামক চৰকাৰে হত্যা কৰাৰ গুৰুতৰ অভিযোগ কৰি যেতিয়ালৈকে বিটিচিত হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱাল থাকে তেতিয়ালৈকে লাফিকুল হত্যাৰ বিচাৰ নহয় বুলিও মত প্ৰকাশ কৰে অখিল গগৈয়ে।