অসম

অৱশেষত অসুস্থ অখিলসহ দুই সতীৰ্থৰ কোৰোনা পৰীক্ষাৰ বাবে শ্বাব ল’লে চিকিৎসকে, মাতৃৰ কাষত আছুৰ সজাতি দল…

asomiyapratidin

ডিজিটেল ডেস্কঃ অখিল গগৈ আৰু আন কৃষক নেতাসকলৰ বিৰুদ্ধে এনআইএ আদালতত ৰুজু হৈ থকা দুটা পৃথক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া খৰকটীয়া আৰু দুয়োটা গোচৰ একেলগে শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনোৱা এক আৱেদন ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে।

অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে জনোৱা আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়- যিহেতু এই গোচৰৰ শুনানি উচ্চ ন্যায়ালয়ত চলি আছে, সেয়েহে তেওঁলোকে এই গোচৰৰ সন্দৰ্ভত হস্তক্ষেপ কৰিব নোখোজে।

ইফালে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৬ মাহৰো অধিক সময় কাৰাবন্দী হৈ থকা অখিল গগৈ, বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ অসুস্থ হৈ পৰা খবৰে সংবাদমাধ্যম তথা সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কোৰোনাজনীত উপসৰ্গই তেওঁলোকৰ দেহত দেখা দিয়া বুলি চৰ্চা হোৱাৰ পাছত মঙলবাৰৰ আৱেলি ৪ বজাত এই তিনিওগৰাকী কৃষক নেতাৰ শ্বাব সংগ্ৰহ কৰা হয়। অৱশ্যে ইয়াৰ ফলাফল এতিয়াও অহা নাই। এই খিনিতে উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই এক সংবাদমেলযোগে কৃষক নেতা অখিল গগৈ আৰু কাৰাগাৰত বন্দী হৈ থকা আন কৃষক মু্ক্তিৰ নেতাসকলৰ দেহত কোনো কোৰোনা সদৃশ লক্ষণ দেখা পোৱা নাই বুলি মন্তব্য কৰিছিল।

২ জুলাইৰ পৰা কৃষক নেতা অখিল গগৈ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ থকাৰ পাছত অনুৰূপ উপসৰ্গই দেখা দিছিল বিতু সোণোৱালৰ দেহতো। তাৰপাছতেই ধৈৰ্য কোঁৱৰৰো দেহত জ্বৰ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়াত তিনিওগৰাকী কৃষক নেতাৰ কোভিড-১৯ টেষ্ট সম্পন্ন কৰিবলৈ বিভিন্ন দল-সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছিল।

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে অন্যায়ভাৱে তেওঁৰ পুত্ৰক কাৰাগাৰত আৱদ্ধ কৰি থোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি ক্ষোভতে অখিল গগৈক মাৰি পেলাওক বুলি মন্তব্য কৰাৰ ভিডিঅ'য়ে ছ'চিয়েল মিডিয়াতো তোলপাৰ লগাইছিল।

এইখিনিতে মন কৰিব লগা যে, কৃষক নেতাজনৰ মুক্তিৰ দাবীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ প্রথমবাৰৰ বাবে সৰৱ হোৱাৰ লগতে আছুৰ এটা সজাতি দলে অখিল গগৈৰ টীয়কৰ লুখুৰাখনত থকা বাসগৃহলৈ গৈ অখিল গগৈৰ মাতৃৰো স্বাস্থ্যৰ খবৰ লৈছিল।