অসম

দ্বীপশিখা শইকীয়াৰ ন্যায়ৰ দাবীত দোষীক ফাঁচী দিয়াৰ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ…

asomiyapratidin

ডিজিটেল সংবাদ,বোকাখাত : ৰহাৰ চুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ ঘটনাৰ মাৰ নৌ যাওঁতেই ৰাজ্য কঁপাই গৈছিল দ্বীপশিখাৰ শইকীয়াৰ হত্যাকাণ্ডই। পখিলা খেদাৰ বয়সত দানৱ ৰূপী পাখণ্ডৰ হাতত প্ৰাণ হেৰুৱাইছিল কণমানি দ্বীপশিখাই। প্ৰথমে ৰহাৰ চুমিলা তাৰপিছত লখিমপুৰত দ্বীপশিখা। আৰু কিমান? এনেবোৰ বাতৰি পৰিৱেশন কৰিবলৈ আমাৰো বুকু কঁপি উঠে। তথাপিও ন্যায়ৰ দাবীত আমিবোৰ দায়বদ্ধ।

অসমৰ বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতিয়ে আজি দ্বীপশিখা শইকীয়াৰ ন্যায়ৰ দাবী জনায়। প্ৰয়োজন হলে গুলি কৰি মাৰি দিবলৈ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।দল সংগঠন, ৰাইজৰ প্ৰতিবাদৰ পিছতো চুমিলা, দ্বীপশিখাৰ দৰে কণমানিয়ে ন্যায় পাবনে সেয়াও লক্ষণীয়।