অসম

‘কা’ বাতিল-ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত জালুকবাৰীত এজেৱাইচিপিৰ জোঁৰ সমদল…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ জালুকবাৰীত জোৰ সমদল বাহিৰ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত এজেৱাইচিপিয়ে বুধবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে, লাচিত উদ্যানৰ পৰা জালুকবাৰীলৈ ওলোৱা এই জোঁৰ সমদলৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে। তাৰপাছত দুয়ো পক্ষৰ মাজত অৰ্থাৎ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হতাহতিৰ।

ইফালে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে চিআৰপিএফ বাহিনী। আনহাতে, যেতিয়া নাগৰিকত্ব সংশোধনী আইন বাতিল নহয়, তেতিয়ালৈকে এনেদৰে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে সংগঠনটোৱে।