অসম

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি কৃষ্ণম সন্দিকৈক বহিষ্কাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাট: সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি কৃষ্ণম সন্দিকৈক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবিধান বিৰোধী কাম-কাজ আৰু বিত্তীয় কেলেংকাৰীৰ বাবে তৎকালে কাৰ্যকৰী হোৱাকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰাও বহিষ্কাৰ কৰা হৈছে। এই কথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জানিবলৈ দিয়ে।