অসম

প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিয়ক,বাৰে বাৰে অসমক প্ৰতাৰণা কিয় : এজেপি

asomiyapratidin

ডিজিটেল ডেস্ক : অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেলত এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমনৰ আগমুহুৰ্তত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীক প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ আহ্বান জনায়।

সংবাদ মেলত লুৰীণ জ্যোতি গগৈয়ে নৰেন্দ্ৰ মোডীক প্ৰশ্ন কৰি কয় যে- বাংলােধশক এক ইঞ্চও মাটি দিয়া নহ'ব বুলি হুংকাৰ দি কিয় অসমৰ মাটি বাংলাদেশক হস্তান্তৰ কৰিলে । অসম চুক্তিক বিজেপি চৰকাৰে আখৰে আখৰে পালন কৰিব বুলি কৈ কিয় অসম আন্দোলনক চুড়ান্ত অপমান কৰাৰ অধিকাৰ ক'ত পালে।২০১৪ চনত বাংলাদেশীক অসমৰ পৰা টালি টোপোলালৈ বান্ধি যাবলৈ হুংকাৰ দিয়াৰ পিছত ২০১৪ চনৰ ৩১ ডিচেম্বৰত কিয় বাংলাদেশীক অসমলৈ ৰঙা দলিছা পাৰি দিলে ।

আজিও অসম বাংলাদেশ সীমান্তৰ ৫২ কিমি উন্মুক্ত কৰি ৰখা হ'ল কিয় বুলি প্ৰশ্ন কৰি গগৈয়ে কয় নাগৰীক আইন সংশোধন কৰি কা প্ৰৱৰ্তনৰ জৰিয়তে বিদেশী বাংলাদেশী নাগৰিকক স্বদেশী কৰা হ'ল । অসম চুক্তিৰ ৬ নং দফাৰ অধীনত গঠিত উচ্চস্তৰীয় সমিতিয়ে ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কিয় গ্ৰহন নকৰিলে । বিজেপি চৰকাৰে এনআৰছি প্ৰস্তুত কৰাৰ দায়িত্ব পালন নকৰি অসমক কিয় অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিয়া হ'ল ।

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেতিয়া ঘোষনা কৰিব, বিশেষ ৰাজ্যৰ মৰ্যদাৰ পৰা অসমক কিয় বঞ্চিত কৰা হ'ল, ছয় জনগোষ্ঠাক জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি আদি সন্দৰ্ভতো সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে এজেপিৰ সভাপতি গৰাকীয়ে ।