অসম

অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্হান ধৰ্মঘট পালন…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মী সকলে মঙ্গলবাৰে ১১ৰ পৰা বিয়লি ১ বজাৰলৈকে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত "জাতীয় গৰ্জন " শীৰ্ষক এক অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচী ৰূপায়ণৰ সময়ত জাতীয় পৰিষদৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ , প্লে 'কাৰ্ড লৈ অসমীয়া বিৰোধী ' কা ' আইন শীঘ্ৰে বাতিল কৰা , অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা ৰূপায়ণেৰে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচৰ দাবী শ্ল'গানেৰে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদ স্হলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত৷ প্ৰতিবাদী সভাত অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি দেৱেন দত্ত সম্পাদক জ্যোতিষ কোচ আৰু ধেমাজি সমষ্টিৰ সমিতিৰ সভাপতি সতীশ দাসে বক্তব্যত অসম জাতীয় পৰিষদ দলে 'কা' আইন আগতেও মানি লোৱা নাই আৰু এতিয়াও মানি লোৱা নহ'ব বুলি দাবী জনাই প্ৰয়োজন হলে দলে আৰু ইয়াতকৈও অধিক প্ৰতিবাদী কাৰ্য্যসূচী ল"বলৈ প্ৰস্তুত আছো বুলি উল্লেখ কৰে ৷